মুখ্য মন্ত্ৰী নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানৰ মৃত্যু 

aa

কালি মুখ্য মন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱান এজনৰ এ কে-৪৭ৰ ৬টা গুলিৰ আঘাতত পোৱাত তেওঁক মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত ভৰ্তি কৰোৱা হয়৷ । হস্পিতালত জোঁৱানজনক মৃত বুলি চিকিৎসকে ঘোষণা কৰে ৷ আৰক্ষী জোৱানজনৰ নাম শুক্লেশ্বৰ কাঠাৰ বুলি জানিব পৰা গৈছে । ঘটাটো সন্ধিয়া ৮.৪৫ বজাত হৈছিল বুলি জানিব পৰা গৈছে ৷ উক্ত ঘটনাটো মুখ্য মন্ত্ৰী বাস ভৱনৰ আৰক্ষীৰ বেৰিকেটত ঘটিছিল ৷ 
জোঁৱান জনৰ মৃত্যু আত্মহত্যা নে পৰিকল্পিত হত্যা এতিয়াও সন্দেহৰ আৱৰ্ত্তত । 

তেওঁৰ ঘৰ মৰিগাঁওত আছিল আৰু দশম আৰক্ষীৰ লেন্স নায়ক হিচাপে কৰ্মৰত হৈ আছিল । সমগ্ৰ ঘটনা পোহৰলৈ অনাৰ বাবে মুখ্যমন্ত্ৰীয়ে ডিজিপি তদন্তৰ নির্দেশ দিছে ।এই কথা আৰক্ষী আয়ুক্ত প্ৰদীপ হালৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে । তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ ।

Your Comments