নিউজ ডেস্ক:
লামডিং বনাঞ্চলত পুনৰ উচ্ছেদ। অহা ৮ আৰু ৯ অক্টোবৰ তাৰিখে লামডিং বনাঞ্চলত প্ৰশাসনে কৰিব উচ্ছেদ । ইতিমধ্যে প্ৰশাসনে দিন-বাৰ ঠিক কৰিছে। তাৰ বাবে প্ৰশাসনে প্ৰস্তুতি চলোৱাও পৰিলক্ষিত হৈছে।সেয়েহে, উচ্ছেদৰ পূৰ্বেই চৰকাৰী ভূমিত বসবাস কৰি থকা একাংশ লোকে নিজৰ ঘৰ দুৱাৰ এৰি বনাঞ্চলতেই একগোট হৈ শিবিৰ পতা পৰিলক্ষিত হৈছে। লামডিং বনাঞ্চলৰ ভূমিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিহীন লোকে বিগত ৩০-৪০ বছৰ পূৰ্বৰ পৰা বসবাস কৰি আহিছে, উক্ত লোকসকলে বনাঞ্চলৰ ভূমি ৩০-৪০ হাজাৰ টকাত ১০-২০ বিঘা মাটি ক্ৰয় কৰিছিল স্হানীয় একাংশ দালাল ৰূপী লোকৰ পৰা। সেয়েহে উক্ত দালাল ৰূপী লোকৰ ওপৰত বিহিত ব্যবস্থা গ্ৰহণ কৰাৰ দাবী স্হানীয় লামডিং বনাঞ্চলৰ ৰাইজৰ।বৰ্তমান বনাঞ্চলখনত উচ্ছেদ হ'ব বুলি অৱগত হৈ একাংশ লোকে লামডিং বনাঞ্চলতেই শিবিৰ পাতি বসবাস কৰিছে, বৰ্তমান বিমুৰত পৰিছে অবৈধ ভাবে বনাঞ্চলখনত বসবাস কৰা লোসকল। সেয়েহে, পুনৰ চৰকাৰক সংস্হাপনৰ দাবী লোকসকলৰ।
আনহাতে, বৰ্তমান উক্ত লামডিং বনাঞ্চলত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে কিছু দিন পূৰ্বৰ পৰাই উক্ত অঞ্চলত স্হানীয় আৰক্ষী নিয়োগ কৰাও যে পৰিলক্ষিত হৈছে।।
- Log in to post comments
- 27 views