দেৱালীৰ দুটা দিনত কামৰূপ(ম) জিলাত কিমান সুৰা বিক্ৰী হ'ল, পঢ়ক

A

নিউজ ডেস্ক:


দেৱালীৰ দুটা দিনত কামৰূপ(ম) জিলাত অভিলেখ সংখ্যক সুৰাৰ বিক্ৰী।বৃহস্পতি আৰু শুকুৰবাৰে দুটা দিনত জিলাখনত ভাৰতীয় নিৰ্মিত বিদেশী সুৰাৰ বিক্ৰী হয় ৫কোটি ১লাখ ৩২হাজাৰ টকাৰ।কামৰূপ(ম) আৱকাৰী বিভাগে প্ৰকাশ কৰিছে এই তথ্য।উল্লেখ্য যে জিলাখনত ৪ নৱেম্বৰত ২কোটি ৫৬লাখ ৭০হাজাৰ টকা বিপৰীতে নৱেম্বৰত বিক্ৰী ২ কোটি ৪৪ লাখ ৬২হাজাৰ টকাৰ বিক্ৰী হয়।

গুৰুত্বপূৰ্ণ কথা এই যে যিকোনো উৎসৱত সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনত পূৰ্বতকৈ বৃদ্ধি হৈছে সুৰাৰ চাহিদা।আনহাতে দেৱালীৰ সময়ত অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে জিলাখনত তীক্ষ্ণ নজৰ ৰখা বুলি উল্লেখ কৰে বিভাগে।

Your Comments

Related Articles