নিউজ ডেস্ক:
দেৱালীৰ নিশা মহানগৰীত পুনৰ নৃশংস হত্যা।বেলতলাত বৃদ্ধা দম্পতীৰ হত্যাৰ চাঞ্চল্য মাৰ নাযাওঁতে এইবাৰ হত্যাকাণ্ড সংঘটিত হয় গুৱাহাটীৰ মালিগাঁওচাৰিআলিত।শুকুৰবাৰ অৰ্থাৎ দেৱালীৰ নিশা প্ৰায় ১১বজাত দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে তৰুণ ডেকা নামৰ এগৰাকীৰ ব্যক্তিক।জালুকবাৰী আৰক্ষীৰ থানাৰ পৰা প্ৰায় ১০০-১৫০মিটাৰ ব্যৱধানত সংঘটিত হয় নৃশংস হত্যাকাণ্ডটো।
উল্লেখ্য যে মালিগাঁও চাৰিআলিৰ ভঁৰালী কম্প্লেক্সত পহৰাদাৰ হিচাপে কৰ্মৰত তৰুণ ডেকাক নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই।প্ৰায় ৩৬ বছৰৰো অধিক কম্পেলক্সটোত কৰ্মৰত আছিল দুৰ্বৃত্তৰ আক্ৰমণত নিহত ডেকা।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে পুৱা প্ৰায় ৮.৪০ বজাত ভৰালী কম্পেলক্সৰ ভূমি মহলাৰ কৰিডৰত মৃত অৱস্থাত উদ্ধাৰ হয় ডেকাৰ মৃতদেহ।মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইচলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে।
আনহাতে নিৰ্মম হত্যাকাণ্ডটো কিয় কোনে সংঘটিত কৰিলে বৰ্তমানলৈ পোহৰলৈ অহা নাই।হত্যাকাণ্ডটো পৰিকল্পিত হত্যা কাণ্ড নহয় বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে- কোনো কথা কটা-কটিত কাজিয়াৰ সূত্ৰপাত হৈ সংঘটিত হ'ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে হত্যাকাণ্ডৰ চিচিটিভি কেমেৰাত বন্দী হৈছে।কাঠৰ বাটাম জাতীয় টুকুৰাই দুৰ্বৃত্তই হত্যা কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।ঘটনাৰ তদন্তৰ আৰম্ভ কৰিছে আৰক্ষীয়ে। জালুকবাৰী আৰক্ষীয়ে ১২৯৯/২১ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাৰ অধীনত তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
গুৰুত্বপূৰ্ণ কথা এই যে গুৱাহাটী মহানগৰীৰ আৰক্ষীথানাৰ সমীপতে সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাই পুনৰ এবাৰ আৰক্ষীৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে।
- Log in to post comments
- 12 views