নিউজ ডেস্ক:
টি-২০ বিশ্বকাপত স্কটলেণ্ডৰ বিৰুদ্ধে জয় ভাৰতীয় ক্ৰিকেট দলৰ।৮উইকেটত জয় সাব্যস্ত কোহলী বাহিনীৰ।টছত জয়ী হৈ ফিল্ডিংৰ সিদ্ধান্ত লয় ভাৰতীয় দলটোৱে।মহম্মদ ছামি, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহে ঠান- বান কৰে স্কটলেণ্ড দলটোৰ বেটিং লাইনআপ।১৭.৪ অভাৰত ৮৫ ৰাণত আউট হয় স্কটলেণ্ড।ভাৰতৰ হৈ ছামি-জাদেজাই ৩টাকৈ উইকেট দখল কৰা বিপৰীতে বুমৰাহে ২টা উইকেট দখল কৰে।
ভাৰতীয় দলে ইনিংছ আৰম্ভ কৰি অপেনাৰদ্বয় ৰোহিত শৰ্মা, কেএল ৰাহুলৰ বিস্ফোৰক আক্ৰমনাত্মক বেটিংঙে ৬.৩অভাৰত দুই উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।
অপেনাৰ ৰোহিত শৰ্মাই ৩০(১৬), কে এল ৰাহুলে ৫০(১৯) দললৈ আগবঢ়াই।ৰাহুলৰ অৰ্ধশতকীয় ইনিংছত ৩টা অভাৰ বাউণ্ডেৰী, ৬টা চাৰি।খেলখত মেন অৱ দ্য মেছ লাভ কৰে জাদেজাই।।
গুৰুত্বপূৰ্ণ কথা এই যে ভাৰতীয় দলে বিশ্বকাপ ছেমিফাইনেলত প্ৰৱেশৰ বাবে ৭নৱেম্বৰত নিউজিলেণ্ড দলক পৰাস্ত কৰিব লাগিব আফগানিস্তানে।
- Log in to post comments
- 11 views