নিউজ ডেস্ক:
বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ।দশম মৃত্যু তিথিত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী দীঘলীপুখুৰীৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় আছু কেন্দ্ৰীয় নেতৃত্বই।
দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে আছুৱে।শিল্পী গৰাকীক স্মৰণ কৰি বন্তি প্ৰজ্বলন আৰু প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে আছুৰ মুখ্য উপদেষ্টা, সভাপতি প্ৰমুখ্যে শীর্ষ নেতৃত্বই।
সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি জনাই আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়- ভূপেন দাৰ প্ৰতিটো সৃষ্টিয়ে আমাৰ সকলোৰে সাহস । প্ৰতিটো শব্দৰ সৃষ্টিৰাজী বুকুত বান্ধি জাতীয় জীৱনক শক্তিশালী কৰি আগুৱাই নিব লাগিব।লগতে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত সুধাকন্ঠৰ সৃষ্টিৰাজী অন্তৰ্ভুক্ত কৰাৰ উপৰিও তেওঁৰ নামত গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ বিশ্ববিদ্যালত আসন সংৰক্ষণৰ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক ধন্যবাদ জনায়।অহা শিক্ষা বৰ্ষৰ পৰা ইয়াৰ কাৰ্যকৰীৰ আহ্বান চৰকাৰক।
ইফালে দেশৰ ভিন্ন বিশ্ববিদ্যালয়টো শিল্পী গৰাকীৰ নামত একোখনকৈ আসন স্থাপন কৰি গৱেষণা ব্যৱস্থাৰ দাবী জনায়।
গুৱাহাটী ৰেলষ্টেচন সুধাকন্ঠৰ নামেৰে নামাকৰণ কৰা, সৃষ্টিৰাজি টাইম কেপচলৰ জৰিয়তে সংৰক্ষণৰো দাবী জনায় উপদেষ্টা গৰাকীয়ে।
আনহাতে, বিশ্বত সুধাকন্ঠৰ সৃষ্টিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমাধি ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ প্ৰতিষ্ঠান নিৰ্মাণৰ দাবী জনাই আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে-"ভূপেন দাক উপলব্ধি কৰিব পৰাকৈ সমাধিক্ষেত্ৰ আহল বহল কৰিব লাগে।"সৃষ্টিৰাজিৰ প্ৰচাৰৰ বাবে সমাধিক্ষেত্ৰত মিউজিয়াম স্থাপনৰ দাবী জনায়।
আনহাতে সন্ধিয়া আছুৱে শিল্পী গৰাকীক সোঁৱৰণ কৰি দীঘলী পুখুৰীৰ পাৰত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।
- Log in to post comments
- 14 views