ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে অভিযোগনামা আদালতত দাখিল: তাজ ভিভাণ্টা, পংকজ সাধনীদাৰ নাম নাই অভিযোগনামাত

A

নিউজ ডেস্ক:
ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ অভিযোগনামা দাখিল আদালতত।সুৰাপান কৰি গাড়ী চলাই ৯জন শ্ৰমিকক মহতিয়াই দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল মডেল গৰাকী।

উল্লেখ্য যে দিছপুৰ আৰক্ষীয়ে ডেৰ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে আদালতত।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা মডেল গৰাকীৰ বাহনৰ খুন্দাত আহত এগৰাকী শ্ৰমিকৰ এখন ভৰি ঠাইতে ছিঙি যোৱা বিপৰীতে এখন ভৰি চিকিৎসালয়ত কাটিব লগা হৈছিল।

আনহাতে, ক'ৰনাৰ বাবে ঘোষিত সান্ধ্য আইন ভংগ কৰি হোটেল তাজ ভিভাণ্টাৰ এটা পাৰ্টীত অংশ লৈ আহিছিল।ইফালে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত নাই তাজ হোটেল, সান্ধ্য আইন ভংগৰে পাৰ্টী আয়োজন কৰা প্ৰভাৱশালী ব্যৱসায়ী পংকজ সাধনীদাৰৰ নাম ।

Your Comments