বৰঝাৰ আৰু লীলাবাৰীৰ মাজত আৰম্ভ হ'ল বিমান সেৱা

A

 

নিউজ ডেস্ক:
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃজাৰ্তিক বিমান বন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ আৰম্ভ কৰা হৈছে বিমান সেৱা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিয়লি বৰঝাৰৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভণি কৰে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰঝাৰৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে । উল্লেখ্য যে , ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২ খন আসনযুক্ত বিমান গুৱাহাটীৰ পৰা লীলাবাৰীলৈ সপ্তাহত চাৰিদিনকৈ চলাচল কৰিব ।সপ্তাহৰ চাৰিদিন ক্ৰমে মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে গুৱাহাটী আৰু লীলাবাৰীৰ মাজত চলাচল আৰম্ভ হোৱা ৭২ খন আসনযুক্ত বিমানখন গুৱাহাটীৰ পৰা বিয়লি ৪.৪০ বজাত উৰা মাৰিব আৰু সন্ধিয়া ৫.২৫ বজাত লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰিব ।

Your Comments