নিউজ ডেস্ক:
ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উদ্বোধনী অনুষ্ঠানত তেওঁ কয় যে , "থানাত অ'চি সকলে এজাহাৰ নিলিখে। থানাৰ বাহিৰত এজাহাৰ লিখা মানুহ থাকে ৷"
তদুপৰি তেওঁ কয় যে "আগতে মন্ত্ৰী হৈ ভাল লাগিছিল, এতিয়া কামটো কষ্টকৰ হ’ব । মন্ত্ৰীৰ কাম কষ্টকৰ হ’লে বিধায়কৰ কামো কষ্টকৰ হ’ব । লগতে বিষয়াসকলেও কষ্ট কৰিবলৈ বাধ্য হ'ব।"আনহাতে , জনতা ভৱনত ২ লাখ ফাইল জমা হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘‘২০০০ কৰ্মচাৰী আছে, মাহে মাহে ফাইল বাঢ়ি আছে । ১৮ নৱেম্বৰৰ পৰা আমি দালালৰ কাম কৰিম, টকা নোলোৱাকৈ আমি কৰিম, মাত্ৰ ফাইল নম্বৰটো দিলেই হ'ব’’ ।
ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নক এক অৰ্থপূৰ্ণ গতি প্রদান কৰি দিছপুৰ ছুপাৰ মাৰ্কেট এলেকাত নতুন উৰণ সেতুখন আজি ৰাইজৰ বাবে উৎসৰ্গিত কৰি অতিশয় আনন্দিত অনুভৱ কৰি তেওঁ কয় যে " উৰণ সেতুখনে চহৰখনৰ মাজভাগত যান-জঁট যথেষ্ট হ্ৰাস কৰিব বুলি মই নিশ্চিত।"
- Log in to post comments
- 17 views