নিউজ ডেস্ক:
ড০ ভূপেন হাজৰিকাৰ স্মৃতিত পুৰ্বৰ কংগ্ৰেছ চৰকাৰে ২০১৪ চনত অসমৰ প্ৰতিখন উন্নয়ন খণ্ডৰ এলেকাত একোখন "ড০ ভুপেন হাজৰিকা মুকলি মঞ্চ ও উদ্যান"ৰ বাবে ৰূপায়ণ কৰা অভিলাষী আঁচনিখন ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৩ নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়ত এলেকাধীন ঘগ্ৰাপাৰ হাইস্কুল চৌহদতো প্ৰহসনত পৰিণত হৈছে বুলি ৰাজহুৱা অভিয়োগ উঠিছে। উল্লেখ্য যে ২০১৪ চনতে তদানীন্তন নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই উক্ত আঁচনিখনৰ আধাৰশিলা স্থাপন কৰিছিল।কিন্তু দুখৰ বিষয় যে চৰকাৰৰ গ্ৰামোন্নয়নৰ এম জি এনৰেগাৰ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগা ড০ হাজৰিকাৰ মঞ্চ ও উদ্যানখন আজি প্ৰায় সাত বছৰে অসম্পূৰ্ণ হৈ থকাত বৃহত্তৰ অঞ্চলটোৰ দল -সংগঠনৰ লগতে অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে ক্ষোভ প্ৰকাশ কৰিছে। প্ৰনিধাণযোগ্য যে সেইসময়তে জোৰা -টাপলি মাৰি কোনো মতে ড০ হাজৰিকাৰ মঞ্চখন আধাৰুৱাকৈ মুকলি কৰিছিল যদিও আজি ৭ বছৰে উদ্যানখনৰ কাম নোহোৱাত গৰুৰ চৰণি পথাৰত পৰিণতি হৈছে বুলি চৰ্চিত হৈছে। ইফালে ঘগ্ৰাপাৰ আঞ্চলিক যূৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ইন্টাজ আলী, সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক নৱজ্যোতি কলিতাই উক্ত মঞ্চ ও উদ্যানখনৰ অসম্পূৰ্ণ কাম শীঘ্ৰে সম্পূৰ্ণ কৰি ৰাইজৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি মুকলি কৰিব বাবে চৰকাৰ তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে।পিছে এই ক্ষেত্ৰত নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
- Log in to post comments
- 12 views