নিউজ ডেস্ক:
ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড ৰাকেশ পালৰ বন্দীত্বৰ আজি পাঁচবছৰ সম্পূৰ্ন।এচিএছ, এপিএছৰ দৰে পদ ধনৰ বিনিময়ত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগত ২০১৬চনৰ ৪নৱেম্বৰ অৰ্থাৎ আজি দিনটোতে ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় কুখ্যাত পাল।আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰে ডাঃ অংশুমিতা গগৈ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল পালক।উল্লেখ্য যে এপিএছচিৰ অধ্যক্ষ হৈ থাকোঁতে এপিএছচি বৰঘৰত চাকৰিৰ বজাৰ মেলিছিল পালৰ কোম্পানীয়ে।দুৰ্নীতিৰ সদাগৰ পালক গ্ৰেপ্তাৰৰ পাছত আয়োগৰ সদস্য-পৰীক্ষাৰ নিয়ন্ত্ৰক গ্ৰেপ্তাৰ হৈছিল ডিব্ৰুগড় আৰক্ষীৰ হাতত।পৰৱৰ্তী পৰ্যায়ত তদন্তকাৰী আৰক্ষীয়ে পাল আৰু কোম্পানীৰ পৰা ধনৰ বিনিময়ত এ.পি.এছ, এ.চি.এছ চাকৰি ক্ৰয় কৰা ৬০জন বিষয়া, দালাল, মধ্যভোগী গ্ৰেপ্তাৰ হৈছিল।ইফালে ডিব্ৰুগড় আৰক্ষীৰ হাতত বন্দী হৈ থকা সময়তে পুনৰ এপিএছচিৰ অধীনৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত পাল বিৰুদ্ধে ভঙাগড় থানাত ১৫৯/১৭ নম্বৰত গোচৰ ৰুজু হয়।ডিব্ৰুগড় থানা ৯৩৬/১৬ নম্বৰ গোচৰ জামিন লাভ কৰিলে যদিও ভঙাগড় থানা গোচৰত পাল বৰ্তমানো কাৰবন্দী হৈ আছে।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কোঠৰীত পাঁচ বছৰ সম্পূৰ্ন কৰা ৰাকেশ পালে ভাতৃ ৰাজীৱ পালৰ প্ৰেছত এপিএছচিৰ নকল উত্তৰ বহী ছপা কৰিছিল।তদন্তকাৰী আৰক্ষীয়ে এই কথা লাভ কৰা পাছতো আশ্বৰ্যজনক ভাৱে পাঁচ বছৰে ৰাজীৱ পালক গ্ৰেপ্তাৰ নহল আৰক্ষী হাতত।ভাতৃ ৰাজীৱ পাল গ্ৰেপ্তাৰ হলে এপিএছচিৰ আৰু বহু নতুন নতুন কেলেংকাৰী তথ্য পোহৰলৈ অহাৰ সম্ভৱনা আছে।
গুৰুত্বপূৰ্ণ কথা এই যে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে এপিএছচিৰ নিযুক্তি কেলেংকাৰী তদন্ত আৰম্ভ কৰিছিল।
- Log in to post comments
- 35 views