নিউজ ডেস্ক:
'উপ-নিৰ্বাচনত অন্যায় ভাৱে জয়ী হৈছে বিজেপি।ইভিএম টেম্পাৰিং, গুণ্ডাবাহিনীৰ বাহুবল, বিৰোধীক আক্ৰমণ, প্ৰলোভন, ধন বিতৰণ আদি সমস্ত অপকৰ্ম বিজেপি- আৰএছএছে কৰিলে।প্ৰশাসন- নিৰ্বাচন আয়োগ ব্যৱহাৰ কৰি জয়ী হৈছে বিজেপি'- বুধবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য ৰাইজৰ দলৰ।মাত্ৰ ৪১দিনীয়া প্ৰস্তুতিৰে থাওৰা-মৰিয়নিত বৃহৎ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হলো বিজেপিক।নিৰ্বাচনৰ অভিজ্ঞতাই আত্মবিশ্বাস বৃদ্ধি কৰিছে ৰাইজৰ দলক।২০২৪ৰ লোকসভা আৰু ২০২৬চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পানী খোৱাব পাৰিম- এই দৰে কয় সভাপতি অখিল গগৈয়ে।মঙলবাৰে ঘোষিত উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আজি ৰাইজৰ দল মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি থাওৰা-মৰিয়নীৰ ভোটাৰক ধন্যবাদ জনাই গগৈয়ে।পূৰ্বতে ভেটি নথকা ৰাইজৰ দলক দিয়া সঁহাৰিৰ বাবে কৃতজ্ঞতা জনাই সমষ্টি দুটাৰ জনতাক।
থাওৰা-মৰিয়নিৰ পৰাজয় ভৱিষ্যত বিজয়ৰ আধাশিলা বুলি তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰি বিধায়ক তথা সভাপতি গগৈয়ে কয়-এই ফলাফলে প্ৰমাণ কৰিলে ৰাইজৰ দল যাকে-তাকে পৰাজিত কৰিবলৈ সক্ষম।ডেভিড আৰু গুলিয়াথৰ যুঁজৰ লগত তুলনা এই ফলাফলক।
পৃথিৱীৰ সবাতোকৈ শক্তিশালী ৰাজনৈতিক শক্তি বুলি জাহিৰ কৰি ফুৰা বিজেপিয়ে থাওৰাত নিৰ্বাচন খেলিবলৈ খৰছ কৰিছে ৫০কোটি টকা আৰু সাংগঠনিক সৰ্বশক্তি।ৰাইজৰ দল পৃথিৱীৰ আটাইতকৈ সৰু ৰাজনৈতিক দল।
উপ-নিৰ্বাচনৰ ফলাফলে ৰাইজৰ দলক উজনিত শক্তিশালী বিৰোধী হিচাপে আদৰি লোৱাটোক পুনৰবাৰ প্ৰমাণ কৰিছে।
আনহাতে নিৰ্বাচনত জয়ী হোৱা বিজেপি তথা মিত্ৰজোট প্ৰাৰ্থীক অভিনন্দন জনাই ৰাইজৰ দলে।
ইফালে সংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ ভূপেন বৰা-ৰিপুন বৰা বিজেপি-আৰএছএছৰ পকেটত বুলিও সভাপতি গৰাকীয়ে কয়।উপ-নিৰ্বাচনত সমালোচনা কৰিব লাগে বিজেপি মিত্ৰজোটক কিন্তু ৰাইজৰ দল আৰু অখিল গগৈক সমালোচনা কৰি হট দাইলগ মাৰি থাকে।থাওৰা-মৰিয়নিত কংগ্ৰেছে নিৰ্বাচন খেলাই নাছিল।বিজেপি দলক জিকাই নিজে পৰাস্ত হোৱাৰ বাবে প্ৰাৰ্থী দিছিল- গগৈয়ে কয়।
- Log in to post comments
- 15 views