সংখ্যালঘুৱে ভোট নাই দিয়া মই সংখ্যাগুৰু ভোটত জয়ী হৈছোঁ- ফণী তালুকদাৰ

A

নিউজ ডেস্ক:

ভৱানীপুৰ সমষ্টিত উপ-নিৰ্বাচনত জয়ী ফণীধৰ তালুকদাৰ।বিজেপি প্ৰাৰ্থী গৰাকীয়ে ২৫৬৪১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে বিৰোধীক।ফণীয়ে লাভ কৰে ৬৪২০০ভোট।

উল্লেখ্য যে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ গৃহ সমষ্টি ভৱানীপুৰত দীর্ঘদিন ধৰি এআইইউদিএফৰ দখলত আছিল।যোৱা বিধানসভা নিৰ্বাচনত এআইইউদিএফৰ প্ৰাৰ্থী ৰূপে বিধানসভালৈ জয়ী হৈছিল তালুকদাৰ।কিন্তু বিধায়কৰ পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তালুকদাৰে।

আনহাতে উপ-নিৰ্বাচনত জয়ী হৈ তালুকদাৰে কয়-'সমষ্টিবাসীয়ে বুজি পালে উন্নয়ন লাগে।বিজেপি দলত সংখ্যালঘুয়ে ভোট নিদিলে।সংখ্যাগুৰু ভোটেৰে জয়ী হৈছোঁ'।

হিন্দু ঐক্যবদ্ধৰ ফলত জয়ী হৈছোঁ।কষ্ট নকৰাকৈ জয়ী হৈছোঁ।অগপ দলেও যথেষ্ট সহায় কৰিছে।১৫ বছৰ হিন্দুৱে অপেক্ষা কৰিছিল সমষ্টিতো দখলৰ বাবে- বিধায়ক হিচাপে নিৰ্বাচিত হৈ লগতে তেওঁ কয়।

Your Comments