ধৈর্যক পৰাস্ত কৰি থাওৰাত বৃহৎ ব্যৱধানত জয়ী সুশান্ত বৰগোহাঁই

A

নিউজ ডেস্ক:

বহু প্ৰত্যাশিত ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা।থাওৰা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই জয়ী।ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়ী প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকী।

উল্লেখ্য যে সমষ্টিটোত ৩০৫৬১টা ভোটৰ ব্যৱধানত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক পৰাস্ত কৰে বৰগোহাঁই।সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী তৃতীয় স্থানত থাকে।সমষ্টিটোত বৰগোঁহাই লাভ কৰে ৫৩হাজাৰ ২৮০টা ভোট বিপৰীতে ৰাইজৰ দল প্ৰাৰ্থী ধৈর্যই লাভ কৰে ২৩হাজাৰ ৩৪৯টা ভোট।জয়ী হৈ বৰগোঁহাই সুখী বুলি উল্লেখ কৰি কয় যে থাওৰা জনতাৰ সিদ্ধান্তই উন্নয়নৰ বাট মুকলি কৰিলে।নতুন দিগন্তৰ সূচনা হ'ব।থাওৰাৰ ৰাজনীতিৰ ইতিহাসত এইয়া সৰ্ববৃহৎ জয়।যি বিশ্বাসঘাটকৰ প্ৰচাৰ চলাইছিল তাৰ যোগ্য প্ৰত্যুত্তৰ দিলে ।

বিজেপি দলে যি কয় তাকে কৰে।ৰাইজক দিয়া প্ৰতিশ্ৰুতি আগন্তক দিনবোৰত কাৰ্যকৰী হ'ব।অসমৰ ভিতৰত উন্নত সমষ্টিৰূপে থাওৰা প্ৰতিষ্ঠিত হ'ব- জয়ী হৈ সুশান্তই কয়।

গুৰুত্বপূৰ্ণ কথা এই যে কংগ্ৰেছ বিধায়কৰ পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল বৰগোঁহায়ে ।

Your Comments