ঘগ্ৰাপাৰত --বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

A

নিউজ ডেস্ক:

 ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ভবেশ কলিতা নিৰ্বাচিত হোৱাৰ পিছত সোমবাৰে সমগ্ৰ  অসমত  প্ৰতিখন মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহ সভা একে সময়তে আৰম্ভ হৈ একে সময়তে সম্পন্ন হয়  । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে  নলবাৰী জিলা বিজেপিৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাখন ঘগ্ৰাপাৰস্থিত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আজি সম্পন্ন হয়  । 

বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক  সভাত নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই‌।বিধায়কগৰাকীয়ে নিজৰ ভাষণত আগন্তুক দিনত দলটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালীৰ কৰাৰ বাবে দুগুণ উৎসাহৰে কাম কৰিবলৈ কাৰ্যকৰ্তাসকল আহ্বান জনায়।লগতে বিজেপি চৰকাৰৰ আঁচনিসমুহ গাঁৱৰ মাজলৈ নিবলৈ কৰ্মীসকলক আহ্বান জনায়। নলবাৰী জিলাৰ সহ প্ৰভাৰী বিতোপন ৰাই দিহিংগীয়া,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মনোজ ডেকা আৰু বিজয় বৰ্মন,সহ সম্পাদক সোণমণি শৰ্মা,মৃগেন শৰ্মা,বুবুল দাস,কনক ভড়ালী, মণ্ডল সহ প্ৰভাৰী কমল ৰাজবংশী, শক্তি কেন্দ্ৰৰ আহ্বায়ক মনেশ্বৰ ভড়ালী আদি কেইবাজনো নেতাই অংশ লয় । বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মনোজ ডেকাই আঁতধৰা কাৰ্যনিৰ্বাহক  সভা খনত আগন্তুক দিনত বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ অন্তৰত বিজেপি দল সোমাবলৈ বিভিন্ন ৰণকৌশল তৈয়াৰ কৰে । সভাৰ আৰম্ভণিতে বিজেপিৰ পতাকা উত্তোলন কৰে মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই।

Your Comments