৫ মাহত ৩৩লাখ নতুন সদস্য গোটোৱা লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছৰ বিশেষ সদস্য ভৰ্তি অভিযান

A

নিউজ ডেস্ক:

বিজেপি আগ্ৰাসনত দুৰ্বল হোৱা অসম প্ৰদেশ কংগ্ৰেছক পুনৰ শক্তিশালী কৰা লক্ষ্যৰে বিশেষ সদস্যভৰ্তি অভিযান।বিজেপিৰ আগ্ৰাসনত থান-বান হোৱা প্ৰদেশ কংগ্ৰেছক উদ্ধাৰ বাবে সোমাবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছে আৰম্ভ কৰে এই বিশেষ সদস্য ভৰ্তি অভিযান।অহা ৩১মাৰ্চৰ ভিতৰত ৩৩লাখ নতুন সদস্য দলত অন্তৰ্ভুক্ত কৰা লক্ষ্যৰে আৰম্ভ কৰা সদস্যভৰ্তি অভিযান উন্মোচন কৰে উপ-সভাপতি ৰাণা গোস্বামীয়ে।
ৰাজীৱ ভৱনত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি প্ৰদেশ কংগ্রেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ দলীয় সদস্যতাৰ পুৰ্ননবীকৰণ কৰি এই সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভণি কৰে।

ইফালে অভিযানৰ উন্মোচন কৰি প্ৰদেশ কংগ্রেছৰ উপ সভাপতি ৰাণা গোস্বামীয়ে কয়- 'নিৰ্ধাৰিত অহা ৫ মাহৰ ভিতৰত সমগ্ৰ অসমত ৩৩ লাখতকৈ অধিক সদস্য ভাৰতীয় জাতীয় কংগ্রেছত ভৰ্তি কৰোৱা হ'ব'।

বিধায়কৰ পৰা আৰম্ভ কৰি একাংশ দলীয় সদস্যই বিভিন্ন সময়ত দল ত্যাগ কৰি বিজেপিত যোগদান কৰি আহিছে।ফলত প্ৰদেশ কংগ্ৰেছত পূৰ্বতকৈ হ্ৰাস পাইছে সদস্যৰ সংখ্যা ।সদস্যৰ সংখ্যাৰ বৃদ্ধিয়ে আগন্তুক লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত শক্তি প্রদর্শনৰ বাবে এক প্ৰকাৰে দলটো সাজু হৈছে সেই কথা অনুমান কৰিব পাৰি।

বিশেষ সদস্য ভৰ্তি অভিযানৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰা, অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নজমুদ্দিনৰ লগতে বহু জ্যেষ্ঠ নেতা।

Your Comments