গুৱাহাটী হেলথ চিটি হাস্পতালত এণ্ডোস্ক'পীৰ চিকিৎসাৰ লাইভ কৰ্মশালা

A

নিউজ ডেস্ক:

ইণ্ডিয়ান এছ'চিয়েচন অৱ গাইন'ক'লজিকেল এণ্ডোস্ক'পীৰ উত্তৰ-পূৰ্বাঞ্চল শাখাৰ উদ্যোগত আৰু গুৱাহাটী খানাপাৰা হেলথ চিটি হাস্পতালৰ সহযোগত শনিবাৰে এণ্ডোস্ক'পীৰ চিকিৎসাৰ এখন লাইভ কৰ্মশালা অনুষ্ঠিত হয়।লাইভ কৰ্মশালাৰ সৈতে সংগতি ৰাখি হেলথ চিটি হাস্পতালত ৬ গৰাকী ৰোগীৰ এণ্ডোস্ক'পী চিকিৎসা সফলতাৰে সম্পন্ন হয়।প্ৰতিগৰাকী ৰোগী এণ্ডোস্ক'পী চিকিৎসাৰ দৃশ্য অনলাইনৰ যোগে পোনপটীকৈ সম্প্ৰচাৰ হয়।ইয়াৰে দুগৰাকী বিশেষ ৰোগীৰ চিকিৎসাৰ দৃশ্য অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও কলকাতা, ভুৱনেশ্বৰ আৰু পাটনাটো ৰিল কৰে।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত গাইন'ক'লজিকেল এণ্ডোস্ক'পীৰ চিকিৎসা পদ্ধতিক জনপ্ৰিয় কৰা উদ্দেশ্যে বিভাগীয় চিকিৎসক -চিকিৎসাকর্মীৰ বাবে এই লাইভ কৰ্মশালা বুলি সংবাদ মাধ্যমক জনাই হেলথ চিটি হাস্পতালৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ কল্পনা চৌধুৰীয়ে।প্ৰথাগত পদ্ধতিৰ সৈতে এণ্ডোস্ক'পী চিকিৎসা ৰ পাৰ্থক্য বৰ্ণনা কৰি ডাঃ চৌধুৰীয়ে কয়- এই পদ্ধতিত বিষৰ প্ৰবাল্য কম, হাস্পতালত কম সময় থাকিব লাগে, ৰক্তক্ষৰণ কম, সংক্ৰমণৰ সম্ভাৱনা হাৰ কম আৰু ৰোগীয়ে সোনকালে নিৰাময় লাভ কৰে।

ইফালে হেলথ চিটি হাস্পতালত অনুষ্ঠিত লাইভ কৰ্মশালাত অংশগ্ৰহণ কৰে এণ্ডোস্ক'পী চিকিৎসা সংগঠনটো উত্তৰ- পূৰ্বাঞ্চল শাখাৰ সভাপতি ডাঃ অৰুণ মাধৱ বৰুৱা, সম্পাদক ডাঃ যশোধন ডেকা হেলথ চিটি হাস্পতালৰ চিএমডি ডাঃ ভৱানন্দ দাস, ডাঃ অলকা গোস্বামী প্ৰমুখ্যে চিকিৎসালয় কৰ্তৃপক্ষ।

Your Comments