ৰাইজৰ দলে মদ-টকা বিলোৱা ৰাজনীতি নকৰে, মূল্যবোধৰ ৰাজনীতি কৰে- অখিল গগৈ

A

নিউজ ডেস্ক:

'ৰাইজৰ দলে মূল্যবোধৰ ৰাজনীতি কৰে।মদ-টকা বিলোৱা ৰাজনীতি নকৰে।থাওৰাত মদ-টকা ৰাইজৰ দলে বিলোৱা প্ৰমাণ দিব পাৰিলে ৰাইজৰ দলৰ সভাপতি ৰ পৰা মই পদত্যাগ কৰিম'- উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ এদিন পূৰ্বে এই ভাষ্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ।বৃহস্পতিবাৰে থাওৰাত ৰাইজৰ দলে মদ-টকা বিলোৱা ৰাজনীতি কৰে বুলি  বহুকেইটা সংবাদ মাধ্যমৰ  আগত  বিজেপিয়ে অভিযোগ তুলিছিল।এখন বিলাসী বাহনত দুহেজাৰ টকাসহ দুটা মদৰ বটল উদ্ধাৰ কৰাৰ পাছতে ৰাইজৰ দল বুলিও একাংশই অভিযোগ কৰিছিল।

ৰাইজৰ দলে মদ-টকা বিলোৱা ৰাজনীতিত কেতিয়াও জড়িত নাছিল, নাই আৰু ভৱিষ্যতেও নহয়।যেতিয়ালৈ ৰাইজৰ দলৰ সভাপতি হৈ থাকিম তেতিয়ালৈ কোনোধৰণৰ টকা-মদ বিলোৱা ৰাজনীতি কৰিব নোৱাৰে- গগৈয়ে কয়।

ৰাইজৰ দলৰ গাড়ীত মদ আৰু টকা উদ্ধাৰ ৰাইজৰ দলৰ বিৰুদ্ধে অপ্ৰপচাৰ।বিজেপিয়ে ষড়যন্ত্ৰ কৰি আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে।বিজেপিৰ অপপ্ৰচাৰত থাওৰাৰ জনতাক ভোল নাযাবলৈ আহ্বান শিৱসাগৰৰ বিধায়ক গৰাকীৰ।

Your Comments