নিউজ ডেস্ক:
কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ঘাঁহ প্ৰদান ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ নেতা প্ৰমোদ বড়োক।উন্নত জাতৰ ৪কেজি কৈ ঘাঁহৰ বীজ অনলাইনৰ জৰিয়তে প্ৰদান কৰে শইকীয়াই।উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপ-নিৰ্বাচনী প্ৰচাৰত থাওৰা আৰু গোঁসাইগাওঁ সমষ্টিত বিজেপি-ইউপিপিএলক ভালকৈ ঘাঁহ খুৱালে দৈনিক ২৬লিটাৰকৈ গাখীৰ দিব বুলি মন্তব্য কৰিছিল।মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই বিৰোধী দলপতি শইকীয়াই আজি প্ৰেৰণ কৰিছে ঘাঁহৰ টোপোলা।
ঘাঁহ প্ৰেৰণ কৰি শইকীয়াই কয়- এজন শুভাকাংক্ষী হিচাপে মই বিচাৰোঁ অসমৰ প্ৰতিজনলোকে উপযুক্ত খাদ্য পাব লাগে।শিশু সকল পুষ্টিহীনতাত ভুগি আছে।তেনে স্থলত অসমবাসীয়ে দৈনিক ২৬লিটাৰকৈ গাখীৰ খাব পাৰিব।ক'ৰনাত অসমবাসীৰ সমস্যা হৈছে, আৰ্থিক ভাৱে দুৰ্বল হৈছে।তেনে স্থলত ২৬লিটাৰকৈ গাখীৰ দিব পাৰিলে আনন্দৰ কথা আৰু একো নাথাকিব- শইকীয়াই কয়।
উল্লেখ্য যে ঘাঁহৰ বীজ প্ৰেৰণ কৰাৰ কথা শইকীয়াই দুয়োজন নেতাক পত্ৰৰ জৰিয়তে অৱগত কৰিছে।প্ৰমোদ বড়োলৈ গাঁৱৰ ঠিকনাত আৰু ভৱেশ কলিতালৈ বিধায়ক আৱাসৰ ঠিকনাত প্ৰেৰণ কৰিছে।
বিশেষ পত্ৰখনত শইকীয়াই কয়- ইয়াৰ সদব্যৱহাৰে আপোনালোকৰ সদস্যসকলে দৈনিক ২৬লিটাৰকৈ গাখীৰ দিব পাৰে আৰু প্ৰতিঘৰ পৰিয়াললে গাখীৰ খোৱা লগতে ৰাহি হোৱা গাখীৰেৰে চৰকাৰে দিয়া চাউলৰ লগত পায়স তৈয়াৰ কৰিব পাৰে।
- Log in to post comments
- 7 views