নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষা খন্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু মধ্যইংৰাজী বিদ্যালয় একাংশত বিভিন্ন সময়ত আন্তঃগাঁঠনিৰ অভাৱকে ধৰি ছাত্র -ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ হোৱাৰ অভিযোগ উঠিছে। একোখন বিদ্যালয়ৰ আন্তঃগাঁঠনি ইমানে দুৰ্বল হৈ পৰিছে যে পুৰণি বিদ্যালয় গৃহৰ পকী বেৰ ,টিনপাত আদি খহি কণ কণ ছাত্র ছাত্ৰীসকলক বিপদত পেলোৱাৰ উপক্ৰম হৈছে। আনহাতে একোখন বিদ্যালয়ত ছাত্ৰ -ছাত্রী অনুপাতে শিক্ষক নিযুক্তি নোহোৱাত শৈক্ষিক পৰিৱেশ ও বিনষ্ট হোৱাৰ অভিযোগ উঠিছে।
তেনে এক জলন্ত উদাহৰণ হ'ল -- বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডটোৰ অন্তৰ্গত ভিঠা প্ৰাথমিক বিদ্যালয় । ১৯২১ চনতে স্থাপিত শতবৰ্ষ গৰকা বিদ্যালয়খনৰ আন্তঃ গাঁঠনি অতি দুৰ্বল হৈ পৰা দেখা গৈছে। এই শিক্ষানুষ্ঠানখনৰ আওপুৰণি গৃহত কণ কণ ছাত্ৰ -ছাত্ৰীসকলক পাঠদান নিদি ইয়াৰে সমীপতে থকা অতিৰিক্ত শ্ৰেণী কোঠা ( দুটা কোঠালী) যুক্ত গৃহত ছয়টাকৈ শ্ৰেণীৰ প্ৰায় ৯০ গৰাকী শিক্ষাৰ্থীক কোনো মতে পাঠদান দি আহিছে - বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। ইফালে পুৰণি জৰাজীৰ্ণ গৃহটো যিকোনো মুহূৰ্ততে ফাট মেলা বেৰ আৰু কাঠ,টিনপাত খহি পৰি হঠাৎ অঘটন যে ঘটিব পাৰে তাৰ দৃশ্য প্ৰত্যক্ষ কৰিলে অনুমান কৰিব পাৰি।
শিক্ষানুষ্ঠানখনৰ বিদ্যালয় গৃহৰ এনে অৱস্থা দেখাৰ পিছতো শিক্ষা বিভাগে চকু মুদা কুলিৰ ভাও লোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে ১৯২১ বৰ্ষতে স্থাপিত শিক্ষানুষ্ঠানখনত প্ৰতিটো নিৰ্বাচনত ভোট কেন্দ্ৰ স্থাপন কৰি আহিছে যদিও আজি পৰ্য্যন্ত পুনঃ নিৰ্মাণ টো দূৰৰে কথা প্ৰয়োজনীয় আন্তঃ গাঁঠনি, বিজ্ঞান সন্মত শৌচাগাৰ ধৰি অন্যান্য সমস্যাত পৰিছে যদিও শিক্ষা বিভাগে বিদ্যালয়খনৰ এই সমস্যা সমুহ সমাধানত মুঠেই গুৰুত্ব প্ৰদান নকৰাত স্থানীয় দল -সংগঠনকে ধৰি বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যালয়খনৰ সমস্যাসমুহ শীঘ্ৰে পুৰন কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।
এই ক্ষেত্ৰত নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। লগতে চৰকাৰী অসমীয়া মাধ্যমৰ অতি পুৰণি শিক্ষানুষ্ঠানখনৰ বিদ্যালয় গৃহৰ সমস্যা দুৰ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।
- Log in to post comments
- 14 views