অসম ৰাজ‍্যিক শিক্ষক কৰ্মচাৰী সংস্থা,২০১৩ প্ৰাদেশীকৃত সমিতি গঠন

A

B
নিউজ ডেস্ক:
 কৃষ্ণনগৰ উদয়ন সংঘৰ গুৱাহাটীৰ প্ৰেক্ষাগৃহত যোৱা কালি  নৱপ্ৰাদেশীকৃত প্ৰাথমিক ( নিম্ন আৰু উচ্চ) শিক্ষক সন্থা অসম, আৰু হাইস্কুল অৱসৰ প্ৰাপ্ত-কৰ্মৰত শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত এখন প্ৰতিনিধি সভা হয়।

 উক্ত সভাত সভাপতিত্ব কৰে  গোলাপচন্দ্ৰ নাথে। সভাত অসমৰ সৰহ সংখ্যক জিলাৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষক প্ৰতিনিধিসকল উপস্থিত থাকে।


উক্ত সভাতে ২০১৩ চনৰ প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীক NPS মুক্ত কৰিOPS পোৱাৰ বাবে চৰকাৰক অনুৰোধ জনাই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিটো সন্থাই বিভাগীয় ভাৱে চৰকাৰৰ লগত যোগাযোগ কৰি ফলপ্ৰসু সমাধান পোৱাৰ বাবে এখন মঞ্চ তৈয়াৰ কৰাৰ বাবে চিন্তা চৰ্চা কৰি সৰ্বসন্মতিক্ৰমে পৰামৰ্শ আগবঢ়ায়।

উক্ত সভাত সৰ্বসন্মতিক্ৰমে- " অসম ৰাজ্যিক শিক্ষক কৰ্মচাৰী সন্থা২০১৩ প্ৰাদেশীকৃত" নামেৰে নামাকৰণ কৰি ৰাজ্যিক পৰ্যায়ৰ এখন সমিটী গঠন কৰা হয়।
 অনন্ত ৰাম নাথ সভাপতি, ৰবেন গোস্বামী কাৰ্যকৰী সভাপতি, কন্দৰ্পেশ্বৰ শৰ্মা সাধাৰণ সম্পাদক, আৰু আব্দুল ৰফিক মোল্লা হক মুখপাত্ৰ হিচাপে বাছনি কৰি এখন কমিটী গঠন কৰা হয়।

এই পৱিত্ৰ সদনত আলোচনা কৰি ২০১৩ চনত প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীকNPS মুক্তকৰণ কৰিOPS পুৰণি পেঞ্চন আঁচনি প্ৰদানৰ বাবে চৰকাৰৰ লগত নৱগঠিত সমিটী খনক সকলো ধৰণৰ পদক্ষেপ লোৱাৰ বাবে সভাই অধিক গুৰুত্ব প্ৰদান কৰে বুলি অসম ৰাজ‍্যিক শিক্ষক কৰ্মচাৰী সংস্থা,২০১৩ প্ৰাদেশীকৃত সমিতিৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক কন্দৰ্পেশ্বৰ শৰ্মাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে ।

Your Comments