নিউজ ডেস্ক:
ৰাজ্যৰ উপনিৰ্বাচনৰ বতাহ বলি থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ৷ সেই অভিযোগৰ ভিত্তিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচনী আয়োগে এক জাননী প্ৰেৰণ কৰে৷
জানিব পৰা মতে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উথ্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷ নিৰ্বাচনী সভাত চৰকাৰী আঁচনি ঘোষণাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ কংগ্ৰেছৰ এই অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব বুলিও উল্লেখ কৰে জাননীখনত৷ মঙলবাৰে আবেলি ৫ বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ দিব লাগিব বুলি জাননীখনত অভিহিত কৰা হয় ।
- Log in to post comments
- 12 views