লংকাৰ কাকীত ডালু জনগোষ্ঠীয় লোকৰ কলা-সংস্কৃতি দেখি মুগ্ধ হৈ পৰে জনপ্ৰিয় কণ্ঠ শিল্পী কৃষ্ণ মনি চুতীয়া

A

নিউজ ডেস্ক:

লংকাৰ কাকীত ডালু জনগোষ্ঠীয় লোকৰ কলা-সংস্কৃতি দেখি মুগ্ধ হৈ পৰে জনপ্ৰিয় কণ্ঠ শিল্পী কৃষ্ণ মনি চুতীয়া। ২০০৩ চনত চৰকাৰে ডালু সম্প্ৰদায়ৰ লোকক জনজাতিৰ মৰ্যাদা কৰ্তন কৰাৰ ক্ষেত্রত দুখ প্ৰকাশ কণ্ঠশিল্পী গৰাকীৰ ।

 হোজাই জিলাৰ লংকাৰ কাকীৰ ডেৰাপথাৰত দেওবাৰে অনুষ্ঠিত হয় ডালু জনগোষ্ঠীৰ এক বৰ্ণাঢ্য অনুষ্ঠান।। য'ত ডালু সমাজৰ ৰীতি-নীতি, পূজা-পাৰ্বন, গীত-নৃত্যকে ধৰি জনগোষ্ঠীটোৰ সামগ্রীক কলা-সংস্কৃতি উপস্হাপন কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকে অসমৰ জনপ্ৰীয় কণ্ঠশিল্পী কৃষ্ণ মনি চুতীয়া। পিছপৰা ডালু জনগোষ্ঠীয় লোক সকলে উপস্হাপন কৰা তেওঁলোকৰ কলা-সংস্কৃতি দেখি আপ্লুত হৈ পৰে কণ্ঠশিল্পী গৰাকী। পিছত উক্ত অনুষ্ঠানতেই ডালু জনগোষ্ঠীৰ ওপৰত হোৱা এক আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে কৃষ্ণ মনি চুতীয়াই ।তেওৰ লগত উপস্হিত থাকে হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱৰাজ মিলি সহ কেইবাজনো অধ্যাপক,
বিশিষ্ট সমাজ সেৱক নেত্ৰ ৰঞ্জন মহন্ত, নাহৰ সমন্বয়
গোষ্ঠীৰ সভাপতি সূৰ্য্য জ্যোতি গোস্বামী, জিলা পৰিষদৰ সদস্যা জোনটি ভাগৱতী আৰু হোজাই জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তি  । উক্ত আলোচনা চক্ৰত ডালু জনগোষ্ঠীক কেনেকৈ ৰাজ্খযনৰ আন আন জনগোষ্ঠীৰ দৰে চৰকাৰী ভাবে মৰ্যাদা দিৱ পাৰি তাৰ ওপৰত আলোচনাত আলোকপাত কৰা লগতে চৰকাৰে ২০০৩ চনত ডালু জনগোষ্ঠীৰ লোক সকলক জনজাতি মৰ্যাদা কৰ্তন কৰা সন্দৰ্ভতো বিশিষ্ট ব্যক্তি সকলে মন্তব্য ৰখা পৰিলক্ষিত হয়।কণ্ঠশিল্পী কৃষ্ণ মনি চুতীয়াই ডালু জনগোষ্ঠীৰ সমূহ কলা-সংস্কৃতি প্ৰত্যক্ষ ভাবে অনুধাৱন কৰি জনগোষ্ঠীৰ লোকসকলৰ হৈ নিজৰ সামৰ্থ অনুযায়ী নৃত্য-গীতত আগুৱাই নিয়া ক্ষেত্রত যিমান পাৰি সহায়- সহযোগ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে।

 

Your Comments