মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন নলবাৰীত

A

নিউজ ডেস্ক:

আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী নগৰ প্ৰাথমিক শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত।

পৰিবেশ নিকাকৰণ,নাম প্ৰসংগ,ধৰ্মধ্বজা উত্তোলন,ভাগবত পাঠ,আই মাতৃ সকলৰ দ্বাৰা থিয় নাম আৰু দিহা নাম পৰিবেশন,ধৰ্মালোচনী আৰু সম্বৰ্ধনা সভা, সদৌ শেষত ধৰ্মধ্বজা অবতৰণ কৰি দিনযোৰা কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি পৰে।

নলবাৰী নগৰ প্ৰাথমিক শাখাৰ সভাপতি কুলেশ মজুমদাৰ, সম্পাদক প্ৰদীপ দত্ত, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সিমান্ত বৰ্মন, সম্পাদক জিতু তালুকদাৰ, কিশোৰ তালুকদাৰ,গকুল দাসৰ লগতে বিষয়ববীয়াই সম্পূৰ্ণ কভিড নীতি নিৰ্দেশনা মানি সুকলমে অনুষ্ঠানৰ সফল সমাপ্তি পৰে বুলি জানিব পৰা হৈছে।

Your Comments