বাংলাদেশৰ হিন্দুক ৰক্ষাৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীত প্ৰতিবাদ

A

নিউজ ডেস্ক:

বাংলাদেশত বসবাস কৰা হিন্দুক সুৰক্ষা প্ৰদানৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ।মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত 'ইস্কনৰ কীৰ্ত্তন' প্ৰতিবাদ।   
বাংলাদেশৰ হিন্দু ৰক্ষা কৰক, বাংলাদেশত থকা হিন্দু মন্দিৰ ৰক্ষা কৰক, হিন্দুসকলৰ বিৰুদ্ধে  হিংসা বন্ধ কৰক আদি শ্লোগানৰ হাতে হাতে প্লেকাৰ্ড লৈ নাম-কীৰ্ত্তন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে শনিবাৰে দিনৰ ১১বজাৰ পৰা আবেলি ৪বজালৈ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ইস্কন গুৱাহাটীৰ সভাপতি জীভা দাসে  কয় যে বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায় ৰক্ষণাবেক্ষণৰ দাবীত বিশ্বব্যাপী কীৰ্ত্তন প্ৰতিবাদ হৈছে।ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে  আমেৰিকা,  আফ্ৰিকা , ৰাছিয়া, চীন, জাপান,ইটালী, নিউজিলেণ্ড,অষ্ট্ৰেলিয়াকে আদি কৰি সৰ্বমুঠ বিশ্বৰ ১৫০ খন দেশত কীৰ্ত্তন প্ৰতিবাদ হৈছে।

উল্লেখ্য যে দূৰ্গা পূজাৰ সময়ত বাংলাদেশৰ হিন্দুৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ দৰে  অন্য কোনো সংখ্যালঘু সম্প্ৰদায়ৰ  লগত যাতে এনে ঘটনা সংঘটিত নহয় তাৰ আহ্বান জনায় প্ৰতিবাদ কাৰীসকলে।সকলো ধৰ্মক সন্মান দিব লাগে- বিশ্ববাসীক উদ্দেশ্য কৰি কয়।

Your Comments