ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ

A




নিউজ ডেস্ক:

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল লোক নিৰ্মাণ বিভাগৰ দীপক মজুমদাৰ নামৰ অভিযন্তাগৰাকী । অভিযন্তাগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, তেল ডিপোৰ NOC দিয়াৰ বাবে অতিৰিক্ত ধন লৈছিল অভিযন্তাজনে ৷ উল্লেখ্য যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত অভিযন্তাগৰাকীয়ে ধন দাবী কৰাৰ এক ফোন ৰেকৰ্ডিং প্ৰকাশ পাইছিল ৷
গুৰুত্বপূৰ্ণ কথা এই যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ হ’লেও কিন্তু একাংশ চৰকাৰী বিষয়াই দুৰ্নীতি এৰা নাই ।
উল্লেখ্য যে ,ৰঙিয়া থানাৰ 1013/2021 গোচৰত 384/420/406/506/34 ধাৰাত আটক কৰা হৈছে অভিযন্তাজনক । আটকাধীন দীপক মজুমদাৰক আৰক্ষীয়ে হাজিৰ কৰে ৰঙিয়া মহকুমাৰ ন্যায়িক আদালতত । অভিযন্তাজনৰ জামিনৰ বাবে অধিবক্তাই আবেদন জনাইছিল যদিও আদালতে এই আবেদন নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ 

Your Comments