মুখ্যমন্ত্ৰীক উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুৰোধ বিৰোধী দলপতিৰ

A

  
B
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুৰোধ জনাই শুকুৰবাৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । পত্ৰখনত শইকীয়াই কয় যে, ভবানীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ সভাত এনে কিছু বক্তব্য আগবঢ়াইছে যি নিৰ্বাচনী আচৰণবিধি সম্পূৰ্ণকৈ ভংগ কৰিছে ।
উল্লেখ্য যে, "সমষ্টিৰ উন্নয়ন সাধিবলৈ হ'লে বিধায়কজন‌ শাসক পক্ষৰ হ’বই লাগিব বুলি প্ৰতিখন নিৰ্বাচনী সভাতে মুখ্যমন্ত্ৰীয়ে কৰি অহা মন্তব্যৰ প্ৰতিও নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰে বিৰোধী দলপতি গৰাকীয়ে । সেয়েহে আগন্তুক নিৰ্বাচনী প্ৰচাৰ সভা সমূহত তেওঁক নিষিদ্ধ কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাই বিৰোধী দলপতি গৰাকীয়ে ।"

Your Comments