নিউজ ডেস্ক:
শুকুৰবাৰে টাই আহোমৰ ছয় জনগোষ্ঠীকৰণ আৰু বৰ্ধিত মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত আহোম সেনাই শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ জিলাৰ মাজমজিয়াত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
বিগত কেইবাবছৰৰ কেৱল আলোচনা আৰু আশ্বাসৰ বাদে টাই আহোম জনগোষ্ঠীয়ে স্ব-উন্নয়ণৰ বাবে স্বায়ত্ব পৰিষদ লাভ কৰা নাই। প্ৰতিখন চৰকাৰে কেৱল বৃহত্তৰ জনগোষ্ঠীটোক বঞ্চনাহে কৰি আহিছে।
প্ৰতিবাদ সাব্যস্ত কৰি আহোম সেনাই কয় যে ,
"প্ৰতিটো আলোচনাতে কম সময়ৰ ভিতৰতে দাবী পূৰণ কৰাৰ মিছা প্ৰতিশ্ৰুতি দি চৰকাৰখনে এক বৃহত্তৰ জাতিক অৱজ্ঞা কৰি আহিছে। সমান্তৰালভাৱে বৰ্তমানৰ অত্যাৱশ্যকীয় সামগ্ৰী, খনিজাত সামগ্ৰীৰ আকাশলংঘী মূল্যই সৰ্বসাধাৰণ ৰাইজৰ মূৰত কেৱল মাধমাৰ শোধাইছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মন্থৰ পৰিচালনা তথা সঠিক মূল্য নিৰ্ধাৰণৰ দুৰ্বলতাই চৰকাৰৰ জনসাধাৰণৰ প্ৰতি থকা অৰ্কমণ্যতাহে প্ৰকাশ কৰিছে। ইয়াৰ বাবে আমি আহোম সেনাই অতি লজ্জিত আৰু ক্ষোভ অনুভৱ কৰিছোঁ। "
- Log in to post comments
- 6 views