নিউজ ডেস্ক:
ৰাজ্য চৰকাৰে এইবাৰ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ বিভিন্ন সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ন্যূনতম সমর্থন মূল্যত প্রায় সাত লাখ মেট্রিক টন ধান ক্রয় কৰিব । এই সন্দৰ্ভত খাদ্য আৰু অসামৰিক যােগান আৰু গ্রাহক পৰিক্রমা বিভাগে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে । চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা ধান ক্রয় প্রক্রিয়া আৰম্ভ হৈ অহা বছৰৰ ৩০ জুনত সামৰণি পৰিব । কৃষকসকলে প্রতি কুইণ্টল ধানৰ বিপৰীতে ১৯৪০ টকাকৈ লাভ কৰিব । ভাৰতীয় খাদ্য নিগমে ২৯টা ক্রয় কেন্দ্ৰৰ জৰিয়তে চাৰি লাখ মেট্রিক টন ধান ক্ৰয় কৰিব।
উল্লেখ্য যে, কিছুদিন পূৰ্বে পৰিবেশ বন আৰু জলবায়ু পৰিৱর্তন বিভাগৰ ৰাজ্যিক মন্ত্রী অশ্বিনী কুমাৰ চৌৱেই সংবাদমেল যোগে অসমৰ কৃষকৰ পৰা এফ চি আয়ে ১০ লাখ মেট্রিক টন ধান ক্ৰয় কৰিব বুলি ঘোষণা কৰিছিল । তেওঁ জনোৱা মতে, "২০১০ চনৰ পৰা ২০১৪ চনলৈ ভাৰতীয় খাদ্য নিগমে বছৰি মাত্র ৪৭ হাজাৰ মেট্রিক টন ধানহে অসমৰ পৰা ক্রয় কৰিছিল ।"
- Log in to post comments
- 11 views