নিউজ ডেস্ক:
'অসমীয়া ভাষাৰ বিৰুদ্ধে সৃষ্টি হোৱা বিদ্বেষ পূৰ্ণ বাতাবৰনে আমাক চিন্তিত কৰি তুলিছে।বিভিন্ন প্ৰকাৰে মনৰ মাজত নানা ধৰণৰ শংকা-উদ্বেগ কৰিছে'- এই মন্তব্য ডঃ নগেন শইকীয়াৰ।অসমত থাকি বৰাকৰ এটা অংশত উগ্ৰ বাঙালী জাতীয়তাবাদীয়ে সদায় অশান্তি সৃষ্টি কৰি আহিছে।অসমীয়া ভাষাৰ ওপৰত ক'লা ৰং লগাই অসমীয়া জাতিক অপমান কৰা বৰাকৰ কাণ্ড প্ৰসংগত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে কয়-চৰকাৰী বিজ্ঞাপন সমূহত ব্যৱহাৰ কৰা অসমীয়া ভাষা আঁতৰাই পেলোৱাৰ পাছতো চৰকাৰ নিমাতে আছে।বৰাকত বহুতো সৎজন লোক আছে কিন্তু দুৰ্বৃত্তৰ আগত সৎজনসকল সদায় বহুসময়ত সংকুচিত হৈ পৰে।সেই সকলক আহ্বান জনাই শইকীয়াই কয়-আগবাঢ়ি আহি মাত মাতক।
'বৰাকক এখন পৃথক ৰাজ্য কৰা উচিত।বৰাক পৃথক হলে আমাৰ বাবে হৈ থকা মূৰ কামোৰণি শেষ হ'ব।ওচৰ চুবুৰীয়া ৰাজ্য হিচাপে থাকিব।ভাষা বিদ্বেষৰ ফলত কি অৱস্থাৰ সৃষ্টি হ'ব পাৰে আমি জানো' - বিশিষ্ট সাহিত্যিক শইকীয়াই কয়।
অসমৰ ভাষা আন্দোলনৰ ইতিহাসৰ উদাহৰণ দি সাহিত্যিক গৰাকীয়ে কয় -'ভাষা আন্দোলনৰ মূলতে আছিল শ্বিলঙত থকা বাঙালীসকলৰ এটা সৰু গোটে সমদল কৰি অসমীয়া ভাষাক গাধ ভাষা শ্লোগান দিছিল।শ্লোগানৰ ফলস্বৰূপে অসমীয়া- বঙালী সংঘাত চলিছিল অসমত।তেনে অৱস্থা বাৰে বাৰে কাম্য নকৰো।তেওঁলোকে নিজৰ ভাষা সংস্কৃতি লৈ তাত থাকক আৰু যি অসমীয়া মানুহ আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰক।বিপদসংকুল মনোভাৱ লৈ জীয়াই থাকিব নোৱাৰো'।
অসমীয়া ভাষা অপমান কৰা বৰাকৰ বাঙালীসকলক উদ্দেশ্য কৰি শইকীয়াই কয়-ৰাজ্যভাষা অসমীয়া।বৰাকত অসমীয়া ভাষা প্ৰচলন আইন সংগত অধিকাৰ আছে।কিন্তু জিলা পয্যায়ত বাংলা চলিব তাত ব্ৰহ্মপুত্ৰ মানুহে আপত্তি কৰা নাই'।
আনহাতে চৰকাৰক ইয়াৰ সিদ্ধান্ত গ্ৰহণৰ দাবী জনায় শিক্ষাবিদ- সাহিত্যিক গৰাকীয়ে।অন্যথা আমাৰ বাবে বিপদ হৈ আহিছে।ৰাজ্যখনৰ মানুহে শান্তি বিচাৰে।
উল্লেখ্য যে বৰাকত অসমীয়া ভাষাৰ ওপৰত বিগত কেইদিনমান ধৰি চলি থকা আক্ৰমণৰ সন্দৰ্ভত শুকুৰবাৰে ডিব্ৰুগড়ত এই মন্তব্য প্ৰকাশ কৰে শইকীয়াই।
- Log in to post comments
- 54 views