নিউজ ডেস্ক:
অত্যাৱশ্যকীয় , পেট্ৰ'ল ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি হোজাই জিলা সদৌ অসম ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে ।
বিজেপি চৰকাৰ গ'বেক,যোগান মন্ত্ৰী হায় হায়,মূল্য বৃদ্ধি ৰোধ কৰক, অসমীয়াৰ মুৰত টাঙোন মাৰা বন্ধ কৰক,আদি শ্লোগানেৰে উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰিবেশ উত্তাল কৰে।
লগতে অনাগত দিনত চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে গণতান্ত্ৰিক ভাবে আন্দোলন চলাই যাব বুলি প্ৰকাশ কৰে।
- Log in to post comments
- 5 views