নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ ৩৬ ঘণ্টীয়া অনশন

A




নিউজ ডেস্ক:
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে বৃহস্পতিবাৰৰ পুৱা ১০ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত আৰম্ভ কৰিছে ৩৬ ঘণ্টীয়া অনশন । ইন্ধনজাতীয় সামগ্ৰীৰ লগতে নিত্যব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ দামে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়ত চৰকাৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে সংগঠনটোয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰদীপ শইকীয়া, প্ৰচাৰ সম্পাদক প্ৰবীন চন্দ্ৰ দাস,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মুকুট চন্দ্ৰ বৰাই ৷ উল্লেখ্য যে আজি বিয়লি ভাগত এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পৰিব ৷

Your Comments