ভোটত জিকিলে দ্বাদশউত্তীৰ্ণ ছোৱালীক স্মার্টফোন, স্নাতক উত্তীৰ্ণক স্কুটি দিয়াৰ প্রতিশ্রুতি প্রিয়ঙ্কা গান্ধীৰ

A


নিউজ ডেস্ক:
উত্তৰপ্রদেশত কংগ্রেছ চৰকাৰ গঢ়িলে দ্বাদশ শ্রেণী পাছ কৰা ছোৱালীসকলে স্মার্টফোন আৰু স্নাতক পাছ কৰা ছোৱালীসকলে পাব ইলেকট্রিক স্কুটি। বৃহস্পতিবাৰে টুইট যোগে এই কথা ঘোষণা কৰে কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়ঙ্কা গান্ধী বাদ্ৰাই ।

অহা বছৰ উত্তৰ প্রদেশত বিধানসভা নির্বাচন। মঙ্গলবাৰে তেওঁ জনাই যে , উত্তৰপ্রদেশৰ বিধানসভা নির্বাচনত ৪০ শতাংশ আসন মহিলা প্রার্থীক দিব কংগ্রেছে ।
বৃহস্পতিবাৰে প্ৰিয়ংকাই টুইট কৰা অনুসৰি ," যোৱা সময়ত কেবাগৰাকীও ছাত্রীৰ লগত দেখা সাক্ষাৎ হৈছিল । সিহঁতে কোৱামতে পঢ়াশুনা আৰু নিৰাপত্তাৰ বাবে সিহঁতক স্মার্টফোনৰ দৰকাৰ । সিহঁতৰ এই চাহিদা মানি উত্তৰপ্রদেশ কংগ্রেছৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে,ৰাজ্যত কংগ্রেছ ক্ষমতা আহিলে দ্বাদশ পাছ ছাত্ৰীক এটাকৈ স্মার্টফোন দিয়া হ'ব আৰু সকলো স্নাতক পাছ ছোৱালীক দিয়া হ'ব ইলেকট্রিক স্কুটি।"

Your Comments