৪৮ ঘণ্টা নহওতেই জামিন লাভ অসমীয়া ভাষাত ক’লা ৰং সনা বৰাকৰ দুই নেতাৰ

A


নিউজ ডেস্ক:
আটক কৰাৰ ৪৮ ঘণ্টা নহওতেই মুক্তি লাভ কৰিলে অসমীয়া ভাষাক অপমান কৰা বৰাকৰ দুই বঙালী নেতাই।
উল্লেখ্য যে ,বৰাকৰ চৰকাৰী হৰ্ডিঙত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে ক’লা ৰং সানিছিল নেতা দুজনে ।
শিলচৰ ৰে’ল ষ্টেচন, আই এছ বি টিত জল জীৱন আঁচনিৰ পোষ্টাৰত তেওঁলোকে সানিছিল ক’লা ৰং।
এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ অন্তত সমৰ দাস আৰু ৰাজু দেৱক আটক কৰিছিল কাছাৰ আৰক্ষীয়ে।
ইয়াৰ পাছতে ৪৮ ঘণ্টা নহওতেই বৃহস্পতিবাৰে জামিনত মুক্তি লাভ কৰে দুয়ো নেতাই।
আৰক্ষীয়ে উপযুক্ত প্ৰমাণ নিদিয়াৰ বাবেই দুয়োকো আদালতে মুক্তি দিয়ে বুলি জানিব পৰা গৈছে।

Your Comments