আজিও চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই ৰ'দ নপৰা মৰিগাওঁ জিলাৰ চনকা গাঁওবাসীক

A

নিউজ ডেস্ক:
 প্ৰচুৰ সম্ভাৱাপূৰ্ণ তথা অতি আচৰ্যকৰ ৰ'দ নপৰা মৰিগাওঁ জিলাৰ চনকা গাঁও খনক আৱৰি ধৰিছে বিভিন্ন সমস্যাই। স্বাস্থ্য,খোৱা পানী,বিজুলী আদিকে ধৰি বিভিন্ন সমস্যাই জৰ্জৰিত চনকা গাঁও খন অৱস্থিত জিলাখনৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ উত্তৰ-পশ্চিম দিশত। দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰে পৰা বসবাস কৰি থকা ৰ'দ নপৰা গাঁওখনত বৰ্তমানে ২১০ টাতকৈ অধিক পৰিয়ালে বসবাস কৰি আছে।গাঁওখনলৈ পথৰ যোগাযোগ ব্যৱস্থা নথকাত চনকাবাসীয়ে ১০ কিলোমিটাৰ দূৰত্বত থকা মায়ংলৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে আহ যাহ কৰি থকাৰ সময়তে আজিৰ পৰা ৫ বছৰ মান আগতে তদানীন্তন মৰিগাওঁ জিলা উপায়ুক্ত ৰাকেশ কুমাৰৰ বিশেষ তৎপৰতাত মায়ঙৰ পাহাৰ কাটি এক পথ যোগাযোগ স্থাপন কৰে। তেতিয়াৰ পৰাই ৰ'দ নপৰা চনকা গাঁৱলৈ যাতায়ত ব্যৱস্থা বহুখিনি সুচল হৈ পৰে। ইয়াৰ লগে লগে ৰ'দ নপৰা চনকা গাঁও পৰিদৰ্শন কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন লোকৰ সমাগম ঘটিবলৈ আৰম্ভ কৰে। গাঁও খনত ৰ'দ নপৰা মূল কাৰণটো হৈছে গাঁওখনৰ পূৰ্বে মায়ং পাহাৰ ধেনুভিৰীয়াকৈ উত্তৰ-পশ্চিমে ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশি। ইয়াৰ ঠিক বিপৰীতে অৰ্থাৎ ধেনুভিৰীয়া ভাঁজটোৰ পশ্চিমে পুনৰ এটা সুউচ্চ পাহাৰ। অৰ্থাৎ গাঁওখনৰ পূব আৰু পশ্চিমে দুটাকৈ সুউচ্চ পাহাৰ থকাৰ বাবেই ৰাতিপুৱা কোমল ৰ'দ চাটিৰ পৰা সদায়েই বঞ্চিত হৈ আহিছে চনকাবাসী।ঠিক একেদৰে সূৰ্যাস্তৰ ৰ'দৰ কিৰণো গাঁওখনৰ ঠাই অনুসৰিহে বিদ্যমান। কৃষি আৰু মাছ ধৰা কৰ্মকে প্ৰধান কাৰ্য হিচাপে লৈ চলি থকা গাঁও খনত বৰ্তমানে বিৰাজ কৰিছে এশ এবুৰি সমস্যাই। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাঁওখনত স্বাধীনতা কালৰে পৰা বিজুলী বাতিৰ পোহৰ দেখা পোৱা নাছিল যদিও ২০১৬ চনত বিদ্যুত বিভাগৰ জৰিয়তে স্থাপন কৰিছিল সৌৰচালিত বিদ্যুত প্ৰকল্প। এই সৌৰচালিত বিদ্যুৎ প্ৰকল্পটোৰ জৰিয়তে ৰ'দ নপৰা চনকা গাঁওবাসীয়ে দেখিছিল বিজুলী চাকিৰ পোহৰ। গাঁওখনৰ এজন ব্যক্তিৰ ভূমি ভাড়াত লৈ এজন কৰ্মচাৰীৰ জৰিয়তে বিজুলী যোগান ধৰা চনকাৰ সৌৰচালিত প্ৰকল্পটোৰ বিভিন্ন কাৰণত প্ৰকল্পটোৰ স্থাপন কৰা ভূমিৰ স্বত্বাধিকাৰক ভাড়া আৰু প্ৰকল্পটোত নিয়োজিত হৈ থকা কৰ্মচাৰী জনক দৰমহা আদায় দিব নোৱাৰাত আজি তিনিদিন পূৰ্বে বন্ধ হৈ পৰে  উক্ত সৌৰচালিত প্ৰকল্পটো।ফলস্বৰূপে নিশা ভাগত পুনৰ এন্ধাৰত ডুবি থাকিব লগীয়া হৈছে চনকা গাঁওবাসী। তদুপৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র বিন্দু হৈ পৰা চনকাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত শীত কালত সমাগম ঘটে ৰাজ্যৰ  বিভিন্ন স্থানৰ বনভোজৰ দল। অতি মনোৰম প্ৰাকৃতিক সৌন্দৰ্যই ভৰপুৰ চনকাৰ নান্দনিক পৰিবেশ আৰু গুৱাহাটী মহানগৰৰ নাতি দূৰৈৰ এশিঙীয়া গঁড় বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যক কেন্দ্র কৰি এক পৰ্যটনৰ উদ্যোগ গঢ়ি তোলা পুৰামাত্ৰাই সম্ভাৱনা আছে যদিও ৰাজ্য চৰকাৰে এইক্ষেত্ৰত যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল ঠিক তেনেদৰে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তুলিছে স্থানীয় লগতে জিলা খনৰ বিভিন্ন দল সংগঠন সমূহে।

Your Comments