নিউজ ডেস্ক:
কইনাধৰা ৰাজ্যিক অতিথিশালাত মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট।মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত।
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত থকা একাংশ সুলভ মূল্যৰ দোকান একত্ৰিকৰণ কৰা হ'ব।যিসমূহ হিতাধিকাৰী তথা কাৰ্ডৰ সংখ্যা ৫০ খনতকৈ তলত সেইসমূহ দোকান বন্ধ হ'ব।অৱশ্যে বিধৱা-শাৰীৰিক সক্ষম ব্যক্তিয়ে চলাই থকা দোকানসমূহ বৰ্তমানৰ দৰেই চলি থাকিব।
গৃহবিভাগৰ অধীনৰ আৰক্ষী থানা নতুনকৈ পুনৰ নিৰ্মাণৰ বাবে ১২০ কোটি অনুমোদন।
কেবিনেটত বিদ্যুৎ খণ্ড বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে।সেই অনুসৰি বিদ্যুৎ যোগানৰ সমস্যা সমাধান হোৱাকৈ ৯০০০নতুন ট্ৰেন্সফৰ্মাৰ ক্ৰয় আৰু ৪২০০টা পুৰণি বিকল ট্ৰেন্সফৰ্মাৰ পুনৰ মেৰামতি কৰাত কেবিনেটৰ অনুমোদন।লগতে ৭০ টা বিদ্যুৎ উপ-সংমণ্ডল নতুনকৈ নিৰ্মান, ১১টা পাৱাৰ ট্ৰেন্সফৰ্মাৰ ক্ৰয় কৰিবলৈ ২৫০কোটি টকা অনুমোদন।
আনহাতে, কেবিনেটত উন্মোচিত গ্ৰাম্য অঞ্চলত বিদ্যুৎ সেৱা লাভৰ পৰা বঞ্চিত সংখ্যা।৪লাখ ৮০ হাজাৰ ২৪৯টা পৰিয়ালে বৰ্তমান বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত ৰাজ্যত।বিদ্যুৎ লাভৰ পৰা বঞ্চিত পৰিয়ালক বিদ্যুৎ সেৱা যোগানৰ বাবে ১৭১৮কোটি টকা অনুমোদন কেবিনেটৰ।শুভাগ্য-২ আঁচনি জৰিয়তে কৰা হ'ব বিদ্যুৎ প্ৰদানৰ কাম।
ইফালে ৪৮২৩১টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩১২০খন প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগৰ বাবে ১৬১কোটি টকা অনুমোদন।ঠিক একেদৰে চহৰাঞ্চলত ৬ লাখ ২০ হাজাৰ ১০০টা গৃহত নতুন স্মাৰ্ট মিটাৰ স্থাপনৰ সিদ্ধান্ত।
- Log in to post comments
- 14 views