অসমীয়া ভাষাত ক'লা ৰং লগোৱা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত টাইপা প্ৰতিবাদ

A

নিউজ ডেস্ক:

অসমীয়া ভাষাক অপমান কৰা বঙালী দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটী মহানগৰীত টাই আহোম যুৱ পৰিষদ, টাইপাৰ প্ৰতিবাদ।জয়ানগৰ চুকাফা ভৱনৰ সন্মুখত টায়াৰ জ্বলাই সাব্যস্ত প্ৰতিবাদ।অসমত অসমীয়াগিৰি চলিব, বঙালী সংগঠন হায় হায়, দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক, অসমীয়া বিৰোধী শক্তি হায় হায় ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰে সংগঠনটোৱে।প্ৰতিবাদত উপস্থিত থাকে টাইপা কেন্দ্ৰীয় নেতৃত্ব গুণকান্ত গগৈ।

উল্লেখ্য যে বৰাকত অসমৰ চৰকাৰ জল-জীৱন মিছনৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা অসমীয়া ভাষাত ক'লা ৰং সানিছিল প্ৰদীপ দত্ত ৰয় আৰু ঋষিকেশ দত্তৰ নেতৃত্ব ত থকা দুই বঙালী সংগঠনে।

Your Comments