২০মাহৰ অন্তত মঙলবাৰৰ পৰা পুনৰ আৰম্ভ ৰাজ্যৰ শিক্ষানুষ্ঠানৰ পাঠদান: উৎফুল্লিত ছাত্ৰ-ছাত্ৰী

A

নিউজ ডেস্ক:

বিশ্বত্ৰাস ক'ৰনা মহামাৰীৰ বাবে বিগত ২০মাহে বন্ধ থকা ৰাজ্যৰ বিদ্যালয়সমূহ মঙলবাৰৰ পৰা পুনৰ মুকলি।দীৰ্ঘদিনে নিজান- নিস্তব্ধ হৈ থকা বিদ্যালয়ৰ শ্রেণী কোঠা ছাত্ৰ-ছাত্ৰীৰ কিৰিলিত প্ৰাণ পালে।মুখৰিত হ'ল প্ৰজ্ঞা ধ্বনিৰ।

সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো আজি দেখা গ'ল ছাত্ৰ-ছাত্ৰী সেই পূৰ্বৰ ব্যস্ততা।২০মাহ পূৰ্বে যোৱা  বিদ্যালয়ৰ পোছাকযোৰ আকৌ পিন্ধি খৰ-খেদাকৈ ঢাপলি লৈছে পঢ়াশালিৰ শ্রেণীকোঠালৈ।

ক'ৰনাৰ নীতি-নিৰ্দেশনা মানি স্বাস্থ্য সম্পৰ্কীয় বিধি পালন কৰি আৰম্ভ কৰা বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত যেন এক নতুন দিনৰ আৰম্ভণি ঘটিছে তেনে এখন ছবি পৰিস্ফুট হৈছিল আজি গুৱাহাটী মহানগৰীত।প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰতিটো শ্রেণীৰ পাঠদান আৰম্ভ হৈছে।

Your Comments