অসমীয়া ভাষাক অপমান কৰা প্ৰদীপ দত্ত ৰয় আৰু ঋষিকেশ দত্তৰ সংগঠনৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ একত্ৰিত যুৱ পৰিষদৰ

A

নিউজ ডেস্ক:

অসমীয়া ভাষাত ক'লা ৰং লগোৱা বঙালী সংগঠনৰ বিৰুদ্ধে সোচ্চাৰ সদৌ অসম একত্ৰিত যুৱ পৰিষদ।মঙলবাৰে হাটীগাওঁ থানাত ভাষা বিৰোধী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম'ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই।

এজাহাৰ দাখিল কৰি সংগঠনটোৰ দাবী ২৪ ঘণ্টাৰ ভিতৰত অসমীয়া ভাষাত ক'লা ৰং সনা দুষ্কতিকাৰীক  গ্ৰেপ্তাৰ কৰক।প্ৰদীপ দত্ত ৰয় আৰু ঋষিকেশ দত্ত নেতৃত্বাধীন সংগঠনে এই দুষ্কাৰ্য সংঘটিত কৰিছে।ক্ষোভ প্ৰকাশ কৰি যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাই কয়।
 অসম চৰকাৰৰ জন জীৱন মিছনৰ বিজ্ঞাপনত থকা অসমীয়া ভাষাত ক'লা ৰং সানি দিছিল সংগঠন দুটাই।অসমীয়া বিৰোধী এই দুজন তথা কঠিত বঙালী নেতাক বঙালী জনতাই বৰ্জন কৰাৰ আহ্বান জনায় পৰিষদে।

আনহাতে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি কলিতাই কয়-
শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব পৰা চৰকাৰে অসমীয়া ভাষাক অপমান কৰা দুষ্কতিকাৰীক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে।প্ৰদীপ দত্ত ৰয় নহৈ মুছলমান সম্প্ৰদায় হোৱা হলে ইমান সময়ে হয়তো গ্ৰেপ্তাৰ হ'ল হেঁতেন বুলিও আশংকা প্ৰকাশ কৰে কলিতাই।

Your Comments