নিউজ ডেস্ক:
বাংলাদেশত হিন্দুৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমন আৰু হত্যাৰ প্ৰতিবাদত আজি বিশ্ব হিন্দু পৰিষদ বজৰং দল লংকা প্ৰখণ্ডৰ বিশাল ৰেলীৰ আয়োজন কৰে। উক্ত ৰেলীত বজৰং দল লংকা প্ৰখণ্ডৰ বিভিন্ন কৰ্মকৰ্তা উপস্থিত থকাৰ লগতে সহযোগ কৰে বৃহত্তৰ লংকা বাসী ৰাইজে ।উক্ত ৰেলী লংকাৰ লংকেশ্বৰী মন্দিৰৰ প্ৰাংগনৰ পৰা আৰম্ভ কৰি নেটাজী পইণ্ট হৈ লিংক ৰোডৰ মাজেৰে প্ৰবেশ কৰি কনকলতা পইণ্টেৰে পুনৰ লংকেশ্বৰী মন্দিৰত সামৰণি পৰে ।
বাংলাদেশী মৌলবাদী হুচিয়াৰ,হিন্দু হত্যাকাৰী হুচিয়াৰ,শেখ হাচিনা হুচিয়াৰ,জয় শ্ৰী ৰাম আদি ধ্বনিৰে উত্তাল কৰি তুলে পৰিবেশ।
- Log in to post comments
- 16 views