ক্রিকেটাৰ হ'ব নোৱাৰিলে কি কৰিলেহেতেন জনালে হার্দিকে

A




নিউজ ডেস্ক:

'ক্রিকেটাৰ হ'ব নোৱাৰিলে পে'ট্ৰল পাম্পত কাম কৰিলোহেতেন' -এই মন্তব্য হার্দিক পাণ্ডেৰ । ভাৰতীয় দলৰ অলৰাউণ্ডাৰগৰাকীয়ে নিজেই জনালে এই কথা ।ভাৰতীয় দলৰ নিয়মিত সদস্য হোৱাৰ বাবে হার্দিকৰ আর্থিক সমস্যা দুৰ হোৱা বুলিও জানিবলৈ দিয়ে ।
হার্দিকে কয় যে "ক্রিকেটাৰ হ'ব নোৱাৰিলে মই পে'ট্রল পাম্পত কাম কৰিলো হেতেন । এয়াই সত্য। ক্রিকেটে মোৰ জীৱন সলনি কৰি দিছে ।মোৰ আৰু মোৰ পৰিয়ালক সুন্দৰ জীৱন দিছে ।টকা খুবেই জৰুৰী। বহুতে কয় কম বয়সত বেছি টকা পালে সমস্যা হ'ব পাৰে। কিন্তু টকা খুব গুৰুত্বপূর্ণ বস্তু। অর্থই প্রেৰণা দিয়ে, সুন্দৰ জীৱন দিয়ে। ভাল খেলিলে টকা উপার্জন কৰিব পৰা যায়।"

Your Comments