নিউজ ডেস্ক:
"যিকোনো পৰিস্থিতিতে অসমত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব "- এই কথা স্পষ্ট ভাষাৰে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
গুৰুত্বপূৰ্ণ কথা এই ১৯সংখ্যক ইণ্ডিয়া টুডে’ কনক্লে’ভ ২০২১ত উপস্থিত থাকি অসমত চলি থকা উচ্ছেদ অভিযানৰ সপক্ষে যুক্তি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "অসমৰ ভূমি নীতিয়ে কোনো পৰিস্থিতিতে ১০০০ পৰিয়ালে ৭৭,০০০ একৰ ভূমি দখল কৰাৰ অনুমতি দিয়া নাই "৷এক বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি থকা বিদ্বেষ ভাৱৰ বিষয়ে মুখ্যমন্ত্ৰীক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, 'সাধাৰণতে মিঞা হিচাপে অভিহিত মুছলমান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকল অসমত উদ্ভৱ হোৱা বহু সমস্যাৰ মূল কাৰণ '৷
এয়া কেৱল তেওঁৰ একপক্ষীয় চিন্তা নহয় বুলি দাবী কৰি শৰ্মাই কয় যে, 'উচ্ছেদ অভিযান যথেষ্ট জৰুৰী আৰু এই বিষয়টোত কোনো সাম্প্ৰদায়িকতা নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে'৷
- Log in to post comments
- 20 views