স্নাতক - স্নাতকোত্তৰৰ মেধাৱী ছাত্র–ছাত্রীক চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব জলপানি ,সবিশেষ পঢ়ক

A



নিউজ ডেস্ক:
 স্নাতক–স্নাতকোত্তৰ অধ্যয়নৰত শিক্ষার্থীসকলৰ বাবে সুখবৰ৷ মেধাৱী ছাত্ৰ ছাত্ৰীক স্বীকৃতি প্রদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্রহণ কৰিছে ‘সংযুক্ত মেধা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী বৃত্তি আঁচনি, ২০২১–২০২২’৷ এই আঁচনিখনৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীৰ মেধাৱী ছাত্র–ছাত্রীসকলে প্রতিমাহে লাভ কৰিব জলপানি৷

আঁচনিখন সম্পর্কীয় চৰকাৰী তথ্য অনুসৰি যোগ্যতাৰ ভিত্তিত স্নাতকত অধ্যয়নৰত শিক্ষার্থীয়ে প্রতিমাহে ৩০০ টকাকৈ লাভ কৰাৰ বিপৰীতে স্নাতকোত্তৰৰ ছাত্র–ছাত্রীয়ে পাব ৫০০ টকাকৈ৷ সংযুক্ত মেধা স্নাতক বৃত্তিৰ ক্ষেত্রত শিক্ষার্থীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰপ্রাপ্ত হ’ব লাগিব৷
আনহাতে , সংযুক্ত মেধা স্নাতকোত্তৰ বৃত্তিৰ বাবে স্নাতক পাঠ্যক্রমত ৬০ শতাংশ নম্বৰপ্রাপ্ত হ’ব লাগিব ছাত্র–ছাত্রীসকল৷ আঁচনিখনৰ অধীনত জলপানি লাভৰ বাবে
শিক্ষার্থীসকলে directorateofhighereducation.assam.gov.inত আবেদন কৰিবলৈ লগ ইন কৰিব পাৰিব৷ ইয়াৰ অন্তিম দিন অহা ২৬ অক্টোবৰ নির্ধাৰণ কৰা হৈছে৷
তদুপৰি ছাত্র–ছাত্রীসকলে ১০ নৱেম্বৰৰ ভিতৰত পঞ্জীয়ক/অধ্যক্ষ/শিক্ষা প্রতিষ্ঠানৰ মুৰব্বীৰ ওচৰত প্রয়োজনীয় নথি–পত্রসহ অনলাইনত দিয়া প্র–পত্রৰ প্রিণ্ট আউট কপি দাখিল কৰিব লাগিব৷

Your Comments