ক্রিকেট, অভিনয়ৰ পিছত এইবাৰ শিক্ষাৰ ক্ষেত্রতো সাফল্য অৰ্জন হৰভজনৰ

A



গংগোত্ৰী কাশ্যপ :
এফালে ক্রিকেট, আনফালে তামিল চিনেমাত অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনাৰ সময়তে পুনৰ শিক্ষাৰ ক্ষেত্রতো সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় হৰভজন সিঙে । ফ্রান্সৰ বিখ্যাত E.S. Robert De Sorbon বিশ্ববিদ্যালয়ৰ পৰা খেলাধুলা বিষয়ত পিএইচডি ডিগ্রী লাভ কৰিবলৈ সক্ষম হয় তাৰকাগৰাকীয়ে ।
গুৰুত্বপূৰ্ণ কথা এই যে ফ্রান্সৰ এইখন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিভিন্ন দেশৰ খেলুৱৈক এই ডিগ্রী প্ৰদানেৰে সম্মানিত কৰা হয়। এই বছৰ সেই সম্মান প্ৰদান কৰা হয় হৰভজনক। আনহাতে এই সন্মান লাভ কৰি সামাজিক মাধ্যমত হৰভজনে মত প্ৰকাশ কৰে যে, " মই এই সম্মান পাই খুবেই আপ্লুত।মই ক্রিকেট খেলি সমগ্ৰ বিশ্বৰ মানুহৰ মৰম ভালপোৱা পাবলৈ সক্ষম হৈছো ।"

Your Comments