হোটেল তাজ ভিভাণ্টালৈ জাননী দিছপুৰ আৰক্ষীৰ

A



নিউজ ডেস্ক :
হোটেল তাজ ভিভাণ্টালৈ জাননী দিছপুৰ আৰক্ষীৰ। ১ অক্টোবৰৰ নৈশ পাৰ্টিত কোন কোন আছিল আৰু কিহৰ পাৰ্টি চলিছিল সকলো বিচাৰি আৰক্ষীয়ে প্ৰেৰণ কৰে জাননী।জাননী অনুসৰি ১ অক্টোবৰৰ পাৰ্টিৰ সকলো চি চি টিভি ফুটেজ জমা দিব লাগিব আৰক্ষীক ।উল্লেখযোগ্য যে ভিভাণ্টাত আয়োজন কৰা এই পাৰ্টি অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিশা ৯ বজালৈকে অনুমতি দিছিল। কিন্তু ১০ বজাৰ পিছতো কি কাৰণত পাৰ্টি শেষ হোৱা নাছিল এই সকলো বোৰ তথ্য বিচাৰিছে আৰক্ষীয়ে ।
জানিব পৰা মতে, অসমৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ সন্তানৰ জন্মদিনৰ ইভেণ্ট আয়োজনৰ দায়িত্বত আছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা।

Your Comments