শ্ৰমিকৰ দক্ষতা প্ৰশিক্ষণ পাইলট প্ৰকল্প পৰ্যায়-১ৰ ৮০কোটি লুন্ঠনৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ

A

নিউজ ডেস্ক:

শ্ৰমিকৰ দক্ষতা প্ৰশিক্ষণ পাইলট প্ৰকল্প পৰ্যায়-১ৰ নামত ৮০কোটি দুৰ্নীতিৰ গুৰুতৰ  অভিযোগ।শ্ৰম আয়ুক্ত কাৰ্যালয় আশিকপুস্ত অলক চৰকাৰ মালিকানাধীন Ajitaaksh Ventures Pvt.Ltd আৰু Gargo Institute Of Technology বিৰুদ্ধে এই বৃহৎ পুঁজি লুন্ঠনৰ অভিযোগ দুৰ্নীতিৰ বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটো।শনিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সভাপতি ধৰ্মকান্ত গগৈয়ে RTI তথ্য ৰাজহুৱা কৰি কয়-নিৰ্মাণখণ্ড শ্ৰমিকৰ দক্ষতা বিকাশৰ আঁচনিৰ  ধনেৰে চিকিউৰিটি, ছাইনিজ কুকুৰ আদিক প্ৰশিক্ষণ দিয়া বুলি তথ্যত উল্লেখ আছে।নলবাৰী, মৰিগাঁও, কামৰূপকে আদি কৰি ৰাজ্য বহু কেইখন জিলাৰ প্ৰায় ২৫ হাজাৰ প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছিল।কিন্তু আশ্চৰ্যজনক কথা তথ্য জনাৰ অধিকাৰ আইনত লাভ কৰা তথ্যত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকল স্থানীয় নহয়।প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰাৰ্থীৰ তথ্য সন্দৰ্ভত জিলা শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত তথ্য নাই- গগৈয়ে কয়।

সংগঠনটোৰ সভাপতিৰ অভিযোগ অনুসৰি সম্পূৰ্ণ ভুৱা প্ৰাৰ্থী সৃষ্টিৰে ধন লুন্ঠন কৰিছে প্ৰতিষ্ঠান দুটাই।

আনহাতে শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ মুৰব্বী অনুশুয়া দত্ত বৰুৱাই এই অলক চৰকাৰৰ প্ৰতিষ্ঠান দুটাক ধন আত্মসাৎ কৰাত হাত উজান দিয়া বুলিও সংবাদমেলত তেওঁ কয়।

ইফালে আৰটিআই তথ্য অনুসৰি লাভ কৰা তথ্যৰ ভিত্তিত যোৱা ২৯ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী তদাৰকী কোষত গোচৰ দাখিল কৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী সঞ্জয় কৃষাণক অৱগত কৰা বুলি জানিব দিয়ে সংগঠনটোৱে।

তাৎপৰ্যপূৰ্ণ কথা এই যে শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ টেণ্ডাৰৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ক্ৰুটিপূৰ্ণ।যাৰ ফলত সংঘটিত হৈছে বৃহৎ কোটি টকাৰ লুন্ঠন- সভাপতিয়ে লগতে কয়।

Your Comments