দিল্লীত চলি থকা কৃষক আন্দোলনত চামিল বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ, সবিশেষ পঢ়ক

A



নিউজ ডেস্ক:

তিনিখন কৃষক বিৰোধী আইন বিৰোধীতাৰে দিল্লীত 11 মাহ ধৰি অব্যাহত থকা কৃষক আন্দোলনত চামিল হৈছে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ ৷ কৃষক বিৰোধী আইন বাতিল নকৰা পৰ্যন্ত সংগ্ৰামী ৰাইজৰ লগত মাত মাতি যোৱাৰ সংকল্প লৈছে জীপাল সংঘই ৷
উল্লেখ্য যে, ৰাজ্যখনৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ ক্ষেত্ৰত মাত মাতি অহা জীপাল কৃষক শ্ৰমিক সংঘৰ এটা আঠজনীয়া দলে বুধবাৰে গাজীপুৰৰ কৃষক চাউনীত সংযুক্ত হয় ৷ ইয়াৰ পাছতে কৃষক বিৰোধী আইন বাতিল নকৰা পৰ্যন্ত চলিবলগীয়া সংগ্ৰামী ৰাইজৰ লগত মাত মাতি যোৱাৰ সংকল্প কৰে জীপাল কৃষক শ্ৰমিক সংঘৰ আহ্বায়ক পুতুল নৰহ আৰু দেৱ পেগুৱে ৷গুৰুত্বপূৰ্ণ কথা এই যে ঢোল -মাদলৰ চেও আৰু ঐনিতমৰ সুৰেৰে কৃষকৰ মনোবল বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলায় দলটোৱে ৷

Your Comments