অভিশপ্ত নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ এমাহ সম্পূৰ্ণ , মাজুলীত মৃতকলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

A



নিউজ ডেস্ক:
মাজুলী -নিমাতীঘাটৰ ভয়াৱহ ফেৰী দুৰ্ঘটনাই কালি এমাহ সম্পূৰ্ণ কৰিলে ৷ উল্লেখ্য যে যোৱা ৮ ছেপ্তেম্বৰত নাওঁ দুৰ্ঘটনাত কৰুণ ভাবে মৃত্যুক আকোৱালি ল’ব লগা হৈছিল পৰিমিতা দাস , বিক্ৰমজিৎ বৰুৱা আৰু ইন্দ্ৰেশ্বৰ বৰাই ৷তেওঁলোকৰ আত্মাৰ শান্তিৰ হকে শুকুৰবাৰে গড়মূৰ মাধৱদেৱ কৃষ্টি কেন্দ্ৰ ,খোনাচুকত মাজুলীৰ সকলো জাতীয় সংগঠনৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

মৃতকৰ আত্মাৰ সদগতি কামনাৰ্থে নাম প্ৰসংগৰো আয়োজন কৰা হয় ৷পুৱা বৃক্ষৰোপণ , ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অন্তত এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে ৷

Your Comments