অহংকাৰ নহয়, আত্মবিশ্বাসেৰে কৈছো মই বিপুল ভোটত জয়ী হ’ম ! : ৰূপজ্যোতি কুৰ্মী

A



নিউজ ডেস্ক:
ৰাজ্যত এতিয়া উপনিৰ্বাচনৰ গৰম বতাহ ৷শুকুৰবাৰে অসম বিধানসভাৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷মনোনোয়ন পত্ৰ দাখিল কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে "অহংকাৰ কৰি কোৱা নাই সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৈছো , মই বিপুল ভোটত জয়ী হ’ম ৷ভবাতকৈ বহুত বেছি ভোট লাভ কৰিম" ৷
আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক কটাক্ষ কৰি কুৰ্মীয়ে কয় যে - “ অখিল গগৈয়ে মাছৰ দৰে জপিয়াই ফুৰে ৷এইজনৰ কথা শুনি লাভ নাই , ৰাইজে ইতিমধ্যে সকলো বুজিছে ৷মৰিয়নী বাসীয়ে উন্নয়নৰ স্বাৰ্থত স্বতঃস্ফূৰ্তভাবে বিজেপিকে ভোট দিব ”৷

Your Comments