অসম চৰকাৰ আৰু আৰক্ষীলৈ লুৰীণৰ প্ৰশ্ন-ৰাজকন্যাৰ সহযোগী আৰু তাজ ভিভাণ্টাৰ বিৰুদ্ধে ব্যৱস্থা কেতিয়া ল'ব

A

নিউজ ডেস্ক:

সান্ধ্য আইনৰ সময়ত সুৰাপান কৰি গুৱাহাটীৰ ৰাজপথত গাড়ী চলাই ৮জন শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱা আৰু ৰাজকন্যাক ৰক্ষণাবেক্ষণ প্ৰদান কৰা জিএনআৰচি চিকিৎসালয়ৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা ব্যৱস্থা আদৰণীয়। অসম আৰক্ষীৰ ক্ষীপ্ৰ পদক্ষেপক প্ৰশংসা কৰিও অসম জাতীয় পৰিষদৰ সভাপতি লুৰীন জ্যোতি গগৈৰ অসম আৰক্ষী তথা চৰকাৰক প্ৰশ্ন- "নৈশ সান্ধ্য আইনৰ মাজত পাৰ্টী আয়োজন কৰা আয়োজক, অংশগ্ৰহণকাৰী ৰাজকন্যাৰ সহযোগী আৰু পাৰ্টীৰ স্থান তাজ ভিভাণ্টাৰ বিৰুদ্ধে ব্যৱস্থা কেতিয়া লোৱা হ'ব"?

'একেদৰে নিশা ৰাজপথত কৰ্মৰত শ্ৰমিকৰ নূন্যতম নিৰাপত্তাৰ ব্যৱস্থা নকৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা কেতিয়া ল'ব ৰাজ্য চৰকাৰে'- প্ৰশ্ন উত্থাপন কৰি কয় লুৰীনে।

সামাজিক মাধ্যমৰ জৰিয়তে এজেপিৰ সভাপতি গগৈয়ে উল্লেখ কৰিছে এই কথা।

Your Comments